WhatsApp Group Join Now
Telegram Group Join Now

মানুহৰ মৃত্যুৰ পাছতো শৰীৰৰ কি কি অংগ জীয়াই থাকে

What Parts of The Body Remains Alive After The Death of a Person. মানুহৰ মৃত্যুৰ পাছতো শৰীৰৰ কি কি অংগ জীয়াই থাকে

মৃত্যুৰ পিছতো জীৱিত থকা মানৱ দেহৰ অংগবোৰ

পৃথিৱীৰ আটাইতকৈ জটিল সংৰচনা বুলিলে প্ৰথম আহে আমাৰ শৰীৰটো, আমাৰ শৰীৰটো সঁচাকৈয়ে বিচিত্ৰ, মৃত্যুৰ পাছতো বহু অংগ বহু সময়লৈ জীৱিত অৱস্থাত থাকে৷ কিছুমান অংগৰ লাহে লাহে মৃত্যু হয় কিছুমান আনকি ২৪ ঘণ্টালৈকে জীৱিত অৱস্থাত থাকে৷

মানৱ শৰীৰ আজিও এক ৰহস্য হৈয়ে আছে৷ মানুহৰ মৃত্যুৰ হোৱাৰ পাছতো শৰীৰৰ বহু অংগই কাম কৰি থাকে, এই বাবেই মানুহৰ মৃত্যুৰ পাছতো শৰীৰৰ বহু অংগ আনক দান কৰিব পাৰি ব্যৱহাৰৰ বাবে৷

মানুহ এজনৰ মৃত্যুৰ পাছত তেওঁৰ শৰীৰৰ এটা এটাকৈ অংগ সমূহে কাম কৰা বন্ধ কৰি দিয়ে, মৃত্যু হোৱাৰ লগে লগেই শ্বাসপ্ৰশ্বাস প্ৰথমে প্ৰভাৱিত হয়, শ্বাসৰুদ্ধ হোৱাৰ লগে লগেই হৃদযন্ত্ৰৰ ঢপঢপনি বন্ধ হয়, আগন্তুক পাঁচমিনিটৰ ভিতৰত শৰীৰৰ কোষিকা বোৰত অক্সিজেনৰ অভাৱ হয় আৰু কোষ বোৰ ক্ৰমাৎ মৰিব ধৰে, এই অৱস্থাক Point of The No Return বুলি কোৱা হয়৷ চিকিৎসা বিজ্ঞানত এই Point of the no Return এক ৰহস্য বুলি বিবেচনা কৰা হয়৷ এই অৱস্থা পোৱাৰ পাছত প্ৰতি ঘণ্টাত শৰীৰৰ তাপমাত্ৰা ১.৫ ডিগ্ৰী কৈ কমি যায়৷ এজন সুস্থ মানুহৰ শৰীৰৰ তাপমাত্ৰা হ’ল ৩৭ ডিগ্ৰী চেলচিয়াচ৷

অসম অংগবাদী ত পদ মুকলি

জানি আচৰিত লাগিব যে এজন মানুহৰ মৃত্যুৰ পাছত ২৪ ঘণ্টাট কৈ বেছি সময় চাল জীৱিত অৱস্থাত থাকে, শৰীৰৰ কিছুমান কোষিকাই এই চাল সমূহ জীয়াই ৰখাৰ বাবে কাম কৰে, এই কোষিকা সমূহে মানুহজনৰ মৃত্যুৰ পাছতো নিজৰ ক্ষয় ক্ষতি সমূহ মেৰামতি কৰাৰ চেষ্টা কৰে, প্ৰধানকৈ এই কাম ষ্টেম কোষিকা সমূহে কৰে৷ এই পক্ৰিয়া কেইবাদিনলৈ চলি থাকিব পাৰে৷ এই ঘটনা কেৱল মানৱ শৰীৰতে হয় তেনে নহয় অনান্য জীৱজন্তুৰ ক্ষেত্ৰতো হয়৷

যদি আপুনি কাৰবাক নিজৰ অংগ সমূহ মৰোণোত্তৰ ভাৱে দান কৰি থৈছে তেন্তে চিকিৎসক সকলে বিছাৰে যে আপোনাৰ মৃত্যুৰ আধাঘণ্টাৰ ভিতৰত বৃক্ক, পাকস্থলী আৰু হৃদযন্ত্ৰক আপোনাৰ শৰীৰৰ পৰা পৃথক কৰি লোৱা হওক৷ এই অংগ সমূহ ৬ ঘণ্টালৈকে জীৱিত অৱস্থাত থাকে৷ গতিকে যাৰ শৰীৰত এনে অংগ সংস্থাপন কৰিব লগা থাকে তেওঁৰ শৰীৰত মানুহজনৰ মৃত্যু হোৱাৰ পৰা ৬ ঘণ্টাৰ ভিতৰত এই অংগ সমূহ সংস্থাপন হ’ব লাগে৷

এজন মানুহৰ মৃত্যুৰ বহু দিনৰ পাছলৈকে মানুহজনৰ নখ আৰু চুলি জীৱিত অৱস্থাত থাকে আৰু নিজে নিজে বাঢ়ি থাকিব পাৰে৷ সেয়ে কেতিয়াবা কিছু মানুহৰ ক্ষেত্ৰত মৃত্যুৰ পাছতো মুখমণ্ডলত দাড়ি বঢ়া দেখা যায়, অৱশ্যে সকলোৰে ক্ষেত্ৰত এনে নহয়৷

গৱেষক সকলে গৱেষণা কৰি পাইছে যে মানুহৰ শৰীৰৰ জীণ মৃত্যুৰ পাছতো কাৰ্যক্ষম অৱস্থাত থাকে, এনে অৱস্থাত জীণত থকা DNA ই অধিক কাৰ্যক্ষম হৈ বেছি প্ৰ’টিন উৎপন্ন কৰে৷

কোনো লোকৰ মৃত্যুৰ লগে লগেই মানুহজনৰ শৰীৰত থকা উপযোগী বেক্টেৰিয়া সমূহে কাম কৰি থাকে আৰু খাদ্য পাচন ক্ৰিয়াত লাগি থাকে, এনে অৱস্থাত শৰীৰৰ পাচন অংগত এমিন’ এচিড উৎপন্ন হয় যাৰ বাবে বেয়া গন্ধ ওলাব পাৰে নাক বা মুখেদি, সেয়ে মৃত্যুৰ লগে লগেই মানুহৰ নাক আৰু মুখ কপাহেৰে বন্ধ কৰি দিয়া হয়৷

যেতিয়া কোনো লোকৰ হৃদযন্ত্ৰৰ ঢপঢপনি বন্ধ হয় তাৰ কেই মিনিট মানলৈকে মগজু সক্ৰিয় হৈ থাকে, সেয়ে কেতিয়াবা কেতিয়াবা মানুহ যেতিয়া পুনৰ জীৱিত হয়, সেই সময়ত তেওঁ কেনে অনুভৱ কৰিছিল কি হৈছিল এইখিনি ক’ব পৰা স্থিতিত থাকে মগজুৰ এই সক্ৰিয়তাৰ বাবেই৷

কিছুমান তথ্যৰ মতে মগজুয়ে কাৰ্য কৰা এৰাৰ পাছতো কোষিকা তন্ত্ৰৰ কাম বন্ধ হ’বলৈ আৰু কিছু সময় লাগে সেয়ে মৃত্যুৰ পাছতো কেতিয়াবা গাৰ চালত জীৱিত শৰীৰে কৰাৰ দৰে লৰচৰ ছালত দেখিব পোৱা যায়৷ যেতিয়া শৰীৰত তেজ চলাচল বন্ধ হৈ যায় আৰু শ্বাসৰুদ্ধ হয় তেতিয়াই সাধাৰণতে মাংসপেশী সমূহ কোচ খাই যায়৷

মৃত্যুৰ পিছতো জীৱিত থকা মানৱ দেহৰ অংগবোৰ

কিডনী২৬ ঘণ্টা
লিভাৰ১৫ ঘণ্টা
মস্তিষ্ক২০ মিনিট
হৃদযন্ত্র১০ মিনিট
চুলি৬ ঘণ্টা
চকু৬ ঘণ্টা

সঁচাকৈয়ে বিচিত্ৰ নহয়নে আমাৰ মানৱ শৰীৰ৷ কেৱল বিচিত্ৰই নহয় মানৱ শৰীৰ বহু ৰহস্যৰে পৰিপূৰ্ণ যাক আজিও উদ্ঘাটন কৰিব পৰা নাই সত্যতা৷

Leave a comment